AHSEC Class 12 Assamese Question Answer Chapter 1: Get the updated AHSEC HS 2nd Year Assamese Chapter 1 Question Answer 2025 with easy explanations and exam-ready solutions. Download important questions, answers, notes, and summaries for Class 12 Assamese Chapter 1. Perfect for AHSEC exam preparation.
Students preparing for the AHSEC HS 2nd Year Assamese Exam 2026 can now access the complete and updated Chapter 1 Question Answer set. This study material includes short answers, long answers, MCQs, meanings, and important exam-oriented notes.
This guide has been prepared according to the latest AHSEC syllabus 2025 to help students score better in Assamese subject.
AHSEC Class 12 Assamese Question Answer Chapter 1 – Details
| Chapter Name | AHSEC HS 2nd Year Assamese – Chapter 1 |
|---|---|
| Board | Assam Higher Secondary Education Council (AHSEC) |
| Class | HS 2nd Year (Class 12) |
| Subject | Assamese |
| Chapter Name | মোৰ মাতৃমুখ দৰ্শন |
| Academic Year | 2025-26 |
| Includes | Q&A, Notes, Summary, MCQs, Meanings, Download PDF |
Class 12 Assamese Chapter 1 Question Answer:
অতি চমু প্ৰশ্ন (মূল্যাংক-১)
১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ড॰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্ৰথম খণ্ড)ৰ পৰা।
২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰঃ উৰিষ্যা।
৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল?
উত্তৰঃ উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ।
৪। ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰঃ সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী আৰু সৰুজনী কন্যা।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।
উত্তৰঃ ‘লিতিকাই’।
৬। লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা কি বিষয়ক গ্রন্থ?
উত্তৰঃ মূল্যবান তত্ত্বমূলক গ্ৰন্থ।
৭। ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” কোন চনত প্ৰকাশ পাইছিল?
উত্তৰঃ ১৮৮৮ চনত।
৮। লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পৰা বি. এ. ডিগ্রী লাভ কৰে?
উত্তৰঃ জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যন।
৯। অঃ ভাঃ উঃ সাঃ সভা মানে কি?
উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভা।
১০। ‘মোৰ মাতৃমুখ দর্শন’ কোন শ্ৰেণীৰ ৰচনা?
উত্তৰঃ আত্মজীৱনীমূলক তথা ভ্ৰমণ কাহিনীমূলক।
১১। লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল?
উত্তৰঃ ১৯৩৮ চনত।
১২। বৃষভ কি?
উত্তৰঃ শিৱৰ বাহন—ষাড় গৰু।
১৩। নন্দী-ভিংগী কোন?
উত্তৰঃ শিৱৰ শিষ্য।
১৪। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা?
উত্তৰঃ কদমকলি।
চমু প্ৰশ্ন (মূল্যাংক-২/৩)
১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ ডেৰ-দুকুৰি বছৰ কৰ্মব্যস্ততাত অসমৰ পৰা আঁতৰি থকা বেজবৰুৱাই মাতৃভূমিক মাতৃৰ মুখৰ দৰে প্ৰিয় বুলি কল্পনা কৰিছিল। ১৯৩০ চনৰ ২২ ছেপ্তেম্বৰত অসমত পদার্পণ কৰি তেওঁ যেন মাতৃৰ মুখ দৰ্শন কৰিলে; সেয়ে নাম ‘মোৰ মাতৃমুখ দৰ্শন’।
২। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?
উত্তৰঃ ‘মাতৃ’ৰে মাতৃভূমি অসমক বুজোৱা হৈছে। প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত (১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰৰ পৰা ২২ ছেপ্তেম্বৰলৈ) দৰ্শন হৈছিল।
৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ গধূলি সভা পাতি নিমন্ত্ৰণ কৰি ইংৰাজী-অসমীয়াত ভাষণ, সুললিত গীত আৰু বিয়াহৰ ওজাপালিৰে আহ্লাদিত কৰিছিল।
৪। ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?
উত্তৰঃ ‘মাজিউ’—কবি চন্দ্ৰকুমাৰ আগৰৱালা; ‘জ্ঞান’—প্ৰিন্সিপাল জে. বৰুৱা বেৰিষ্টাৰ।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ ক) প্ৰাকৃতিক সৌন্দৰ্য (ব্ৰহ্মপুত্ৰ, উমানন্দ, কামাখ্যা); খ) ঐতিহাসিক উৎকৰ্ষ; গ) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা।
৬। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক প্ৰবন্ধটো কি উদ্দেশ্যে পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে?
উত্তৰঃ বেজবৰুৱাৰ সৌন্দৰ্যবোধ, চিন্তনশীলতা আৰু কথনশৈলীৰ আস্বাদ দিয়াৰ উদ্দেশ্যে।
৭। লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়?
উত্তৰঃ ‘জোনাকী’ত প্ৰকাশিত চুটিগল্পই অসমীয়া চুটিগল্পৰ শুভাৰম্ভ আৰু বিকাশৰ পথ মুকলি কৰিছিল।
৮। লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেখনখনি ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৯২৪ চনত গুৱাহাটীত।
৯। লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘সাহিত্যৰথী’ বোলা হয়?
উত্তৰঃ কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্ৰবন্ধ, হাস্য-ব্যংগ, জীৱনী আদি সকলো শাখাত অসাধাৰণ অৱদানৰ বাবে।
১০। জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি বুলিলে কাক কাক বুজায়?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী।
১১। বেজবৰুৱাক কিয় ৰসৰাজ আখ্যা দিয়া হয়?
উত্তৰঃ হাস্য-ব্যংগ ৰচনা যেনে ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘ওভতনি’ আদিয়ে সমাজৰ ভুল শুধৰণিৰ লগতে হাস্যৰসৰ সৃষ্টি কৰিছিল।
১২। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?
উত্তৰঃ মাতৃভূমি অসম। ডেৰ-দুকুৰি বছৰৰ পিছত।
১৩। লিখকে ট্ৰেইন যাত্ৰাৰ সময়ত কালৈ কিয় টেলিগ্ৰাম কৰিছিল?
উত্তৰঃ খড়গপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্ৰেছমেন্ট ৰূমলৈ—ভোকাতুৰ অৱস্থাত আহাৰৰ ব্যৱস্থাৰ বাবে।
১৪। ব্যাখ্যা কৰা: “কালৰ পীড়নত আজিৰ অসম জীৰ্ণ-শীৰ্ণ-দীৰ্ণ।”
উত্তৰঃ দীৰ্ঘদিন পিছত অসমলৈ আহি সামাজিক, সাংস্কৃতিক, নৈতিক অৱক্ষয় দেখি বেজবৰুৱাই কালৰ নিৰ্মমতাৰ ফলত অসমৰ দুৰৱস্থাৰ কথা কৈছে।
১৫। লিখকে ডিব্ৰুগড়ত কেনেদৰে বৰষুণৰ সমস্যাৰ সন্মুখীন হৈছিল?
উত্তৰঃ ২৪ তাৰিখে পুৱা ডিব্ৰুগড় পাই অবিৰত ‘চেলেং-পেটেং’ বৰষুণত ১৫ দিন জী-জোঁৱাইৰ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল।
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
১। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা।
উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা সহধৰ্মিনী আৰু কন্যাৰ সৈতে বেংগল-নাগপুৰ ৰেলেৰে ঝাৰচোগোড়া জংচনত নামি কলিকতা অভিমুখী ৰেলত উঠে। খাদ্য নথকাত ভোকাতুৰ হৈ ২০ ছেপ্তেম্বৰৰ ৰাতি ৮ বজাত কলিকতাত নামি জিৰণি লয়। ২0 ছেপ্তেম্বৰত শিয়ালদাহৰ পৰা অসম অভিমুখী যাত্ৰাত অতিৰিক্ত যাত্ৰীৰ আহুকালত ২২ ছেপ্তেম্বৰত গুৱাহাটী পায়।
২। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ পাৰ্বতীৰ ধিক্কাৰত মহাদেৱে বৃষভত উঠি পথাৰলৈ গৈ উভয়নদী কৰি পেলায়, ঘৰলৈ নাহে। নন্দী-ভৃংগী, নাৰদ, মহ-ডাঁহ, চেৰেপাৰ পিছত হাহা-হুহুৱে খেতি ধ্বংস কৰিলে।
৩। হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা।
উত্তৰঃ পাৰ্বতীৰ মানসপুত্ৰ। মহাদেৱক খেতিৰ পৰা ঘৰলৈ ঘূৰাই অনাৰ বাবে।
৪। ‘ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল।’—ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা।
উত্তৰঃ তিৰোতাৰ শিক্ষা-ৰাজহুৱা অংশগ্ৰহণ, ডেকাৰ নাট্যচৰ্চা, ছবি, অভিনয় (মুক্তানাথ, প্ৰভাতচন্দ্ৰ)।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা।
উত্তৰঃ প্ৰকৃত অসমীয়া অনুবাদ, বঙলুৱা নহয়; উৎকৃষ্ট ভাৱেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়াব লাগে।
৬। ‘পানী মে মীন পিয়াসী। মোক শুনত শুনত লাগে হাসি’। এই পদফাঁকি কাৰ ৰচনা? বেজবৰুৱাই কি প্ৰসংগত ইয়াৰ অৱতাৰণা কৰিছে?
উত্তৰঃ কবীৰৰ। মাতৃভূমিৰ সান্নিধ্যৰ অভাৱত প্ৰবাসী জীৱনৰ তৃষ্ণাৰ প্ৰসংগত।
৭। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষত পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।
উত্তৰঃ দীৰ্ঘ প্ৰবাসৰ পিছত অসমত পদার্পণ, প্ৰাকৃতিক-ঐতিহাসিক সৌন্দৰ্য, ডিব্ৰুগড়ৰ উন্নতি, নাট্যচৰ্চাত গৌৰৱত জাতিপ্ৰেম প্ৰকাশ পাইছে।
৮। প্ৰবাসী লেখক লক্ষ্মীনাথ বেজবৰুৱাই কি কাৰণে সুদীৰ্ঘ কাল জন্মস্থান অসমলৈ ওভতিব পৰা নাছিল, বুজাই লিখা।
উত্তৰঃ কলকাতাত কাঠৰ ব্যৱসায়, যুদ্ধত লোকচান; ১৯১৭ত সম্বলপুৰত মেনেজাৰৰ চাকৰি; ১৯৩০ত পূজাৰ বন্ধতহে অসমলৈ আহিব পাৰে।
৯। ‘যথা নিযুক্তোহস্মি তথা কৰোমি’। এই পদফাঁকি কোনে ক’ত কি প্ৰসংগত অৱতাৰণা কৰিছে, বুজাই লিখা।
উত্তৰঃ কবীৰৰ; বেজবৰুৱাই কটন কলেজৰ ছাত্ৰৰ সভাত জ্বৰ থকা সত্ত্বেও উপস্থিত হৈ সন্মান ৰক্ষাৰ প্ৰসংগত।
Download: Class 12 Assamese Chapter 1 Question Answer 2025
Below is the downloadable table for Chapter 1:
| Details | Download Link |
|---|---|
| All Chapter Question Answer | Click Here |
| Summary & Notes | Coming Soon… |
| MCQs & Short Questions | Coming Soon… |
1 thought on “AHSEC Class 12 Assamese Question Answer Chapter 1 | মোৰ মাতৃমুখ দৰ্শন”